Sunday 1 December 2013

অসমীয়া শিশু সাহিত্য আৰু অলপ বিক্ষিপ্ত চিন্তা






শিক্ষাৰ মাধ্যমে সাম্প্রতিক অসমীয়া শিশু সাহিত্যৰ উত্তৰণত বাধাৰ সৃষ্টি কৰিছে নেকি? যিহেতু আজিকালি গৰিষ্ঠসংখ্যক অভিভাৱকে নিজ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰাৰ পোষকতা কৰে গতিকে অভিভাৱক সকলৰ এই  ইংৰাজী মাধ্যম প্রীতিৰ প্রৱণতাই পৰোক্ষভাৱে অসমীয়া শিশু সাহিত্যৰ শ্ৰীবৃদ্ধি আৰু বিকাশত অন্তৰায় হিচাপে দেখা দিছে নেকি? যদি উপৰোক্ত অভিযোগটোৰ উত্তৰ সদৰ্থক তেনে ইয়াৰ পৰা পৰিত্রান পোৱাৰ কিবা উপায় আছেনে?

প্রকৃত কথাটো হ’ল সাম্প্রতিক অসমীয়া শিশু সাহিত্য ইংৰাজী মাধ্যমৰ আগ্রাসনৰ বলি হৈছে নেকি বুলি ন কৈ চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাইকিয়া হ’ল। ই দিনৰ পোহৰৰ দৰেই সত্য। কিয়নো নিৰ্দিষ্টকৈ অসমীয়া শিশু সাহিত্য বুলিয়েই নহয়  সমগ্র অসমীয়া সাহিত্যৰ সকলো শাখা-প্রশাখাই বা সকলো প্রকাৰৰ অন্যান্য আঞ্চলিক ভাষাৰ সাহিত্যই এতিয়া ইংৰাজী মাধ্যমৰ সন্মুখত এক প্রকাৰ অসহায়। আজিৰ প্রজন্মৰ সৰহসংখ্যকেই ইংৰাজী মাধ্যমত শিক্ষা লোৱাৰ বাবে অসমীয়া বা অন্যান্য আঞ্চলিক ভাষাৰ চৰ্চা দুখ লগাকৈ কমি গৈছে। নতুন প্রজন্মৰ মাজত অসমীয়া ভাষা-সাহিত্যৰ পাঠকৰ পৰিমাণ অভাৱনীয়ভাবে কমি আহিছে। তাৰ ফলশ্ৰুতিত কেৱল অসমীয়া শিশু সাহিত্য বুলিয়েই নহয় অসমীয়া সাহিত্যৰ সকলো শাখা-প্রশাখাই বা সকলো প্রকাৰৰ অন্যান্য আঞ্চলিক ভাষাৰ সাহিত্যই ইয়াৰ কুফল ভোগ কৰিব লগা হৈছে।
আমি কোনো অভিভাৱককে নিজ সন্তানক ইংৰাজী মাধ্যমত শিক্ষা লোৱাৰ ক্ষেত্রত বাধা দিব নোৱাৰো। জীৱিকা, কেৰিয়াৰ, ভৱিষ্যত জীৱনৰ প্রত্যাহবান আদি বিভিন্ন বাস্তবিক কাৰকৰ প্রভাৱত আজিৰ অভিভাৱকে ইংৰাজী মাধ্যমক সন্তানৰ বাবে ব্যাপক হাৰত বাছি লৈছে। মাতৃভাষাৰ মাধ্যমত অধ্যয়নৰত শিশু সকললৈ যদি লক্ষ্য কৰা যায় দৰিদ্ৰ, কম আয়ৰ পৰিয়ালৰ শিশুসকলে হে এতিয়া মাতৃভাষা বা অসমীয়া মাধ্যমত অধ্যয়ন কৰে। অৰ্থাৎ আৰ্থিক দিশত সৱল, সকলো যোত্রবানেই এতিয়া ইংৰাজীক শিক্ষাৰ মাধ্যমৰূপে বাছি লোৱাত সাহিত্যৰ শ্ৰী বৃদ্ধিত ই ব্যাপকভাবে ঋণাত্মক প্রভাব পেলাইছে। 
কিন্তু আশাৰ কথাটো হ’ল প্রায়বিলাক ইংৰাজী মাধ্যমৰ বিদ্যালয়তে আজিকালি অসমীয়াক এটা বিষয়ৰূপে গ্রহন কৰিব পৰা ব্যৱস্থা আছে। গতিকে সকলো অভিভাৱকে নিজ সন্তানক বিদ্যালয়ত অসমীয়া বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ ক্ষেত্রত উদ্যোগ লব লাগে। যিবোৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত এতিয়াও অসমীয়াক এটা বিষয়ৰূপে অধ্যয়ন কৰাৰ ব্যৱস্থা নাই সিবিলাকত অনতিপলমে তাৰ ব্যৱস্থা কৰিবলৈ প্রৱল জনমত গঠন কৰিব লাগে।
অলপতে জনপ্রিয় অসমীয়া সাপ্তাহিক কাকত ‘সাদিন’ৰ শিশু-শিতানৰ পৰিচালিকা গৰাকীয়ে এটা আমোদজনক তথ্য দিছিলে। আজি ভালে কেইবছৰ ধৰি  শিশু-শিতানলৈ অহা প্রায়বিলাক লেখা চোৱাৰ অভিজ্ঞতাৰে তেখেতে ব্যক্ত কৰিছিল যে বহুত সময়ত অসমীয়া মাধ্যমৰ ছাত্র সকলৰ লেখাত হে অজস্র ভুলভ্রান্তি দেখা পোৱা যায়। অথচ তুলনামূলকভাবে ইংৰাজী মাধ্যমৰ ছাত্র সকলৰ অসমীয়া লেখা যথেষ্ট শুদ্ধ। ইয়াৰ পৰা অনুমান কৰিব পাৰি কেৱল ইংৰাজী মাধ্যমটোকেই সকলো সময়তে জগৰীয়া কৰি থকাটো উচিত নহব। আমাৰ বিদ্যালয় সমূহৰ শিক্ষাদানৰ স্তৰটোও বিচাৰ্য্যৰ বিষয় হোৱা উচিত। শিশুসকলৰ ঘৰুৱা পৰিবেশটো গুৰুত্বপূৰ্ণ। নিজ গৃহত অভিভাৱকে শিশুসকলক অসমীয়া ভাষা চৰ্চাত অলপ গুৰুত্ব দিলে মাধ্যম নিশ্চয় প্রতিবন্ধক হব নোৱাৰে। কিতাপৰ দোকানৰ পৰা শ্রেণীৰ বাবে প্রয়োজনীয় ইংৰাজী কিতাপ কেইখনৰ লগে লগে দুই-এখন অসমীয়া কিতাপো যদি সন্তানৰ বাবে অভিভাৱকে কিনি লয় তেতিয়া ভাল হয়। আৰু অভিভাৱকসকলৰ এনেকুৱা সৰু সৰু পদক্ষেপে ভাষা-সাহিত্যৰ বিকাশত সুদুৰপ্রসাৰী প্রভাব পেলোৱাৰ সম্ভাৱণা থাকে।
আমাৰ বিদ্যালয় বিলাকৰ শ্ৰেণী শিক্ষক সকলেও অসমীয়া শিশু-সাহিত্যৰ উত্তৰণত প্রধান ভূমিকা লব পাৰে। তেখেতসকলে নিজ নিজ ছাত্র-ছাত্রীক বিভিন্ন বিষয়ৰ ওপৰত লিখিবলৈ উৎসাহ দি সিবিলাকক বিভিন্ন কাকত আলোচনীৰ শিশু-শিতানলৈ প্রেৰণ কৰাৰ ব্যৱস্থা লব লাগে। শ্ৰেণীৰ কোনোবা ছাত্রৰ কিবা লেখা কাকতত প্রকাশ পালে তেওঁক পুৰস্কৃত কৰাৰ দিহা কৰিব লাগে। বজাৰত উপলব্ধ বিভিন্ন প্রয়োজনীয় কিতাপৰ বিষয়ে ছাত্র-ছাত্রীক অৱগত কৰিব লাগে। শ্ৰেণী শিক্ষকৰ এনে যোগাত্মক ভূমিকাই নিশ্চিতৰূপে শিশুসকলক উৎসাহিত কৰিব।
আজি কিছুদিনৰ আগলৈকে অসমৰ এখন প্রতিষ্ঠিত কাকত ‘অসম বাণী’ত শিশু-শিতান এটা প্রকাশ হৈ আহিছিল। কিন্তু বৰ্তমান কাকতখনত সেই শিতান টো বন্ধ কৰি দিয়া হ’ল। শিশু উপযোগী লেখাৰ অভাৱেই তাৰ কাৰণ। গতিকে অসমীয়া শিশু সাহিত্যৰ বাবে লিখক সৃষ্টি কৰাটোও সাম্প্রতিক সময়ৰ দাবী। শিশুৰ মনস্তত্ব ডাঙৰতকৈ বহুত পৃথক। স্বাভাবিকতেই শিশুৰ মনস্তত্বৰ ওপৰত দখল থকা, অধ্যয়ন থকা লেখক হে শিশু সাহিত্য সৃষ্টিত সফল হব পাৰিব।
আমাৰ বজাৰত পোৱা ইংৰাজী শিশু-উপযোগী কিতাপ বিলাকলৈ যদি চকু ফুৰোৱা যায়, দেখিব সেই কিতাপ বিলাক যথেষ্ট ৰংচঙীয়া, সুন্দৰ উন্নতমানৰ কাগজ, সুন্দৰ বেটুপাত আৰু সচিত্র। অথচ তুলনামূলকভাবে অসমীয়া শিশু-উপযোগী কিতাপ বিলাক যেন এই ক্ষেত্রত অলপমান পিছপৰা। ৰংচঙীয়া, সুন্দৰ, সচিত্র কিতাপৰ প্রতি শিশু সহজতে আকৃষ্ট হয়। ই শিশু মনস্তত্বৰে এটা দিশ। ইয়াক আওকাণ কৰাটো উচিত নহয়।
সম্প্রতি অসমীয়া শিশু-সাহিত্য বুলি কলে ভালেমান চিন্তাই মনত ভুমুকি মাৰেহি। এচামে শিশু-সাহিত্য বুলিলে ৰামায়ণ-মহাভাৰতৰ কাহিনীতেই সীমাৱদ্ধ হৈ থাকিব বিচাৰে। এচামে কল্প কাহিনীৰ নামত গছ-চৰায়ে কথা কোৱা তাহানিৰ বেজবৰুৱাৰ যুগৰ পৰা ওলাই আহিবই নিবিচাৰে। শিশু-সাহিত্য বুলিলে শিশু সকলক আধুনিক ধ্যান-ধাৰণা যুক্ত বিজ্ঞানসন্মত মানসিকতাৰ অধিকাৰী কৰি তুলিব পৰা হব লাগে। শিশু-সাহিত্যই শিশুসকলক অনুপ্রেৰণা আৰু উৎসাহেৰে সমাজ গঠনত কালজয়ী ভুমিকা লোৱাত অৰিহণা যোগাব পৰা হব লাগে।       



Saturday 23 November 2013

ফেচবুকৰ কবিতাঃ এক ব্যক্তিগত অনুভৱ






ব্যক্তিগত ভাৱে কবিতাৰ গুণাগুণ বিচাৰ কৰিব পৰাকৈ বৌদ্ধিক দক্ষতা আমাৰ নাই। কাজেই আজিৰ আলোচনাৰ মতামতখিনি আমাৰ একান্তই ব্যক্তিগত অনুভৱ বুলি ধাৰণা কৰি ললে পঢ়ুৱৈ সমাজৰ বাবে কিছুমান কথা বিচাৰ কৰিবলৈ সুবিধা হব। ফেচবুকত প্রকাশিত কবিতা বুলিলে মোৰ মনলৈ সাধাৰণতে দুটা প্ৰশ্নই ভুমুকি মাৰে। বৰ্তমান ফেচবুকত প্রকাশিত কবিতাবিলাক সামগ্রিক ভাৱে অসমীয়া সাহিত্যৰ অংশ বুলি বিবেচনা কৰিব পৰা অৱস্থা এটা হৈছেগৈনে? কেৱল ছপা মাধ্যমত প্রকাশিত কবিতাই অসমীয়া কাব্য সাহিত্যক প্রতিনিধিত্ব কৰে নে ফেচবুকৰ কবিতাইও ইয়াৰ সমঅংশীদাৰীত্ব দাৱী কৰিব পাৰে? এই প্ৰশ্ন দুটাৰ উত্তৰ নিশ্চয় আজি নহলেও এটা সময়ত সদাশয় পাঠক সকলেই বিচাৰ কৰি উলিয়াব।

এতিয়া আহো ফেচবুকৰ কবিতাৰ কথালৈ। কবিতা সদায় কবিতাই। ছপা মাধ্যম বা ফেচবুকৰ কবিতা বুলি কবিতাৰ কোনো শ্রেণী বিভাজন থকা উচিত নহয়। ছপা মাধ্যমত প্রকাশিত সকলো কবিতাই উৎকৃষ্ট নহয়, অথবা ফেচবুকত প্রকাশিত কবিতাবোৰো নিকৃষ্ট নহয়। কিন্তু এইখিনি কথা অস্বীকাৰ নকৰাকৈও এটা কথা নিশ্চয় স্বীকাৰ কৰিব লাগিব যে ফেচবুক ঘাইকৈ বহু সংখ্যক কবিৰ বাবে কাব্যচৰ্চাৰ      আখৰাথলীহে। অতীতত যিদৰে কবি হিচাপে পূৰ্ণতাপ্ৰাপ্তিৰ আগমূহূৰ্তত বহু কবিয়ে ৰচনা কৰা  প্ৰথমাৱস্থাৰ বহু অপথ্য কবিতা নিজৰ বহীৰ পাততেই চিৰদিন আৱদ্ধ হৈ ৰৈ গৈছিল, আজি তেনে ধৰণৰ প্ৰথমাৱস্থাৰ অপৰিপক্ক কবিতা বোৰ সহজ মাধ্যমৰ অজুহাতত ফেচবুকত ভূমুকি মাৰেহি। কিয়নো ফেচবুকত কবিতা প্রকাশৰ বাবে কোনো সম্পাদনা সমিতিৰ অনুমোদনৰ প্রয়োজন নাই। গতিকে দুই এটা সুন্দৰ উৎকৃষ্ট কবিতাৰ লগে লগে যথেষ্ট সংখ্যক নিম্নমানদণ্ডৰ কবিতাইও ফেচবুকৰ মজিয়াত ভিৰ কৰেহি। 

ব্যক্তিগতভাৱে আমি এইদৰে কবিতাৰ চৰ্চাৰ প্ৰক্রিয়াটোত আনন্দ অনুভৱ কৰো। কিয়নো মানদণ্ড যিয়েই নহওক কিয় কাব্যচৰ্চাৰ থলী এখন পোৱাটো আজিৰ প্রজন্মৰ বাবে সৌভাগ্যৰ কথা। তাত আমি সকলোৱে গঠনাত্মক দৃষ্টিভংগীৰে উৎসাহ জনোৱাটোহে সময়োচিত হব। নতুন সকলক যোগ্য সকলে দিহা-পৰামৰ্শৰে আগুৱাই দিয়াটো এতিয়া সহজ হৈ পৰিছে। কাজেই ঋনাত্মক সমালোচনাৰ পৰিৱৰ্তে গঠনমূলক আলোচনা আদৰণীয়। 

ইমানৰ পিছতো এষাৰ কথা প্ৰণিধানযোগ্য বুলি ভাবো। আমাৰ বহুসংখ্যক ফেচবুকত প্রকাশিত কবিৰ অধ্যয়নৰ পৰিসীমা দুখলগাকৈ সীমিত যেন ধাৰণা হয়। গল্প, প্রৱন্ধ আদি লিখিবলৈ যিদৰে ব্যাপক অধ্যয়নৰ প্রয়োজন, সেইদৰে কবিতা লিখিবলৈও যথেষ্ট অধ্যয়নৰ প্রয়োজন। কেৱল তুমি, মই, ভালপোৱা আদি শব্দৰ প্রয়োগেৰেই কবিতা নহয়। প্রকাশভংগী, বিষয়বস্তু, শব্দচয়ন, প্রতীক, চিত্রকল্প আদিত দক্ষতা আৰ্জনৰ চেষ্টা চলাব লাগিব। আধুনিক কবিতা যিহেতু ছন্দ বিহীন গতিকে কেইটামান শব্দ সজায় দিলেই সেয়া কবিতা হৈ নাযায়। কবিতা এটা ৰচনাৰো এক কলাকৌশল আছে। তাক আয়ত্ব কৰিব লাগিব। 

ফেচবুকৰ কিছু সংখ্যক কবিতা পঢ়িলে এনে লাগে যেন বহুতে কবিতা লিখা কথাটো আটাইতকৈ সহজ বুলি এটা উপৰুৱা ধাৰণা কৰিহে কবিতা ৰচনাত হাত দিছে। কিন্তু আচল কথাটো তেনে নহয়। কবিতাৰ গভীৰতা আছে। তাক উপলদ্ধি কৰিব লাগিব। কবিতাৰ ৰসস্বাদন কৰিবলৈ আৰু ভাল কবিতা লিখিবলৈ প্রচুৰ অধ্যয়ন কৰিব লাগিব। 

শেষত, এটা কথা লক্ষ্য কৰি আনন্দ লাগে যে, ফেচবুকৰ জৰিয়তে কাব্যচৰ্চাৰ পাতনি মেলা ভালে কেইজনে ইতিমধ্যে ছপা মাধ্যমতো নিজকে প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। দুই-এজনৰ নিজাকৈ কাব্যপুথিও প্রকাশ হৈ ওলাইছে। আচলতে ফেচবুক এক মাধ্যম হে। নিজকে গভীৰ অধ্যয়ন আৰু অনুশীলনৰ জৰিয়তে প্ৰস্তুত কৰি এই মাধ্যমৰ সুবিধা লব পৰাটোতহে আমাৰ সফলতা লুকাই আছে।

দস্যু ভাস্কৰ, ৰংমন, ৰবীন দে’....





দুই এটা পোষ্ট ত 'দস্যু ভাস্কৰ' চিৰিজৰ  কথা ওলাইছে। আমি সৰুতে 'দস্যু ভাস্কৰ' লুকাই লুকাই পঢ়িব লগা হৈছিল। আমাৰ মা-দেঊতাই 'দস্যু ভাস্কৰ'ৰ কিতাপ মুঠেই ভাল পোৱা নাছিল। আমি কিন্তু সাংঘাতিক ভাল পাইছিলো। এবাৰ পঢ়িবলৈ বহিলে উঠিবলৈ টান। 'দস্যু ভাস্কৰ' চিৰিজৰ  প্রায়বোৰ কিতাপ কিনিবলৈ অসমৰ্থ আছিলো বাবে স্কুলত ইজনে সিজনৰ মাজত কিতাপ দিয়া-নিয়াৰ বেহা চলিছিল। আমাৰ বহুতে শ্রেণী চলি থাকোতেও 'দস্যু ভাস্কৰ'  পঢ়িছিল বাবে শিক্ষকৰ শাস্তিৰো সন্মুখীন হবলগীয়াত পৰিছিল। 'দস্যু ভাস্কৰ' জড়িত সেই দিনবোৰৰ সোঁৱৰণী বৰ মধুৰ। 

 'দস্যু ভাস্কৰ'ৰ ৰচক ৰংমনৰ ৰচনা শৈলী মানিবলগীয়াঅসমত এসময়ত কিছুমান চীনামূলীয় মানুহ আছিল। মাকুমত থকা সেই চীনামূলীয় মানুহখিনিক লৈ মাননীয় ৰীতা চৌধুৰী বাইদেৱে “মাকাম” উপন্যাস ৰচনা কৰি প্রসিদ্ধি লাভ কৰাৰ লগতে অসমৰ ইতিহাসৰ এক অজানা অধ্যায় উন্মোচন কৰাৰ কৃতিত্ব লাভ কৰিছে। কিন্তু ইয়াৰ বহুত আগতেই ৰংমনৰ ৰচনাত 'দস্যু ভাস্কৰ' চিৰিজৰ দুই-এখন কিতাপত মাকুমৰ চীনামূলীয় মানুহখিনিৰ কথা উল্লেখ আছে। হয়তো ৰংমনৰ ৰচনাই এই মানুহখিনিৰ বিষয়ে কোনো ধৰণৰ গৱেষণামূলক তথ্য ডাঙি ধৰিব পৰা নাই। আৰু  'দস্যু ভাস্কৰ' চিৰিজৰ উদেশ্যও তেনেধৰণৰ গৱেষণা নাছিল। কিন্তু এই বিষয়বোৰৰ উপস্থিতিয়ে ৰংমনৰ অধ্যয়নপুষ্ট মনটোৰ পৰিচয় ডাঙি ধৰে। 

 'দস্যু ভাস্কৰ' বা তাৰ কিছু আগৰ ‘পা-ফু’ চিৰিজৰ প্ৰভাৱ সেই সময়ৰ যুৱ-সমাজৰ মাজত আছিল অপৰিসীম। অন্যয়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ কল্পনাই যুৱ সমাজক আৱেগ-প্রৱণ কৰি তুলিছিল। হয়তো সেই সময়ৰ ‘আলফা’ আদিৰ দৰে বিপ্লৱী সংগঠনৰ জন্ম প্রক্রিয়াত কম বেছি পৰিমাণে 'দস্যু ভাস্কৰ'ৰো অৱদান আছিল। 

         'দস্যু ভাস্কৰ'ৰ ৰচক ৰংমনে প্রথমে ডঃ ভূপেন হাজৰিকা সম্পাদিত ‘ আমাৰ প্রতিনিধি’ কাকতত এটা কাহিনী হিচাপে দস্যু ভাস্কৰৰ প্রথম লেখাটো প্রকাশ কৰিছিল। সেই কাহিনীটো পাঠকে পঢ়ি ভাল পোৱাত খণ্ড খণ্ড কৈ পিছলৈ লিখিবলৈ লয়। লাহে লাহে ই সমগ্র অসমতে জনপ্রিয় হৈ অহাত কিতাপ আকাৰে প্রকাশ পাবলৈ ধৰে।  ৰংমনৰ আচল নাম আছিল ৰবীন দে’। শিৱসাগৰ জিলাৰ নাজিৰাৰ নিৱাসী ৰবীন দে’ ভাষা আন্দোলনৰ সময়ৰ কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পিছত কলিকতালৈ গুছি যায়। বহুত দিনৰ পিছত এদিন আকস্মিকভাবে বাল্যবন্ধু নিলাম্বৰ হাজৰিকাক লগ পাই তেওঁ কৈছিল যে অসম এৰি অহাটো দুখজনক যদিও তেখেতৰ কাৰোৰে প্রতি কোনো ক্ষোভ নাই। যিদৰে ৰামচন্দ্রই ১৪ বছৰ বনবাস খাটিব লগীয়া হৈছিল তেখেতেওঁ এয়া এক বনবাস ৰূপহে গণ্য কৰিছে। কিন্তু ৰবীন দে’ ৰ অসমলৈ আৰু কোনোদিনেই উভতি অহা নহল। 


   

Sunday 6 October 2013

কুকুৰৰ নেজ (চুটি গল্প)



-হেৰি অ’ তই আচলতে গুৱাহাটীত কি কৰ? মানে কাম বোৰ কেনেকুৱা? 
-বিল্ডিংৰ ডিজাইন কৰো। মানে ফাৰ্ম এখন খুলি ল’লো, ৰাজগড় ৰোডতে। আহিবা কেতিয়াবা।
-কাম-কাজৰ ভিৰ কেনেকুৱা? বিল্ডিংৰ ডিজাইন মানে এই যে মষ্ট দীঘল, বিৰক্তিকৰ কেলকুলেছন বিলাক নহয় জানো? এই ধৰ তোৰ ফাউন্দেছন, বিম, খুটা হা? কেনেকৈ লাগি থাকিব পাৰ হা?
-নহলে যে উপায় নাই, এই বিৰক্তিকৰ কাম বিলাকেই টো জীৱিকা এতিয়া। বাকী তোমাৰ খবৰ কোৱাছোন, এম ই এছ ত চাকৰি কৰি কেনেকুৱা লাগিছে? আজিকালি তেজপুৰত নহয়।    
-ভাল, ভাল! মানে ঠিকেই আছে।
কৌশিকে ফোন কৰিছিল বিতোপনক। হঠাৎ বহুত দিনৰ পিছত তাৰ ফোন পাই মনটো ভাল লাগি গ’ল বিতোপনৰ। কলেজত সি বিতোপনৰ সিমান ঘনিষ্ঠ নাছিল। অভিজাত্যৰ গৌৰৱেৰে গৌৰাৱাম্বিত কৌশিকৰ বাবে বিতোপন সিমান লেখৰ বন্ধু নাছিল।  গতিকে আজি সি ফোনত তাক তই সম্বোধন কৰিলেও সি কিন্তু তুমি সম্বোধনেৰেই কথা পাতিলে। কিন্তু আজি হঠাৎ কৌশিকৰ ফোন! বিতোপনৰ বাবে এক  অৰ্থত অপ্রত্যাশিত। কিয় জানো অজানিতে গুন গুন কৈ ভাল লগা গানৰ কলি এটা তাৰ মুখৰ পৰা ওলাই আহিল
এইকেইদিন সি ভীষণ ব্যস্ত। এক কথাত মৰিবলৈও সময় নাই। জৈনৰ নতুন প্রকল্প এটাত সি মূখ্য পৰামৰ্শদাতা। আৱাসিক অট্টালিকাৰ প্রকল্প। পূজাৰ আগে আগে জৈনক প্রকল্পটোৰ সমগ্র তথ্য, নক্সা, ডিজাইন হাতত লাগে। তিনি দিন আগতে কলিকতাৰ পৰা আৰ্কিটেক্ট গুপ্তাই প্রাৰম্ভিক নক্সাখিনি মেইল কৰি তালৈ পঠিয়াইছে। সি প্রকল্পটোৰ গাঁথনিগত নক্সা, ডিজাইন প্রস্তুতৰ দায়িত্বত আছে
    লেপটপৰ পৰ্দাত জিলিকি থকা বাৰ মহলীয়া অট্টালিকাটোৰ সন্মুখ দৃশ্যটোত আকৌ এবাৰ চকু ফুৰালে সি। দেখাত অট্টালিকাটো মনোমোহা হৈছে। কিন্তু সন্মুখৰ সেই দুটা খুটাৰ মাজত ব্যৱধান প্রায় ২৫ ফুটৰ ওপৰত হয়। অথচ সংলগ্ন বিমটোৰ গভীৰতা ১৪ ইঞ্চিৰ অলপো বেছি কৰিব নোৱাৰি। কালি সি ফোনযোগে আৰ্কিটেক্ট গুপ্তাৰ সৈতে কেবাবাৰো আলোচনা কৰিছে এই কথাটোক লৈয়ে।  হয় সন্মুখৰ সেই দুটা খুটাৰ মাজৰ ব্যৱধান  কমাব লাগিব, নহলে বিমটোৰ গভীৰতা বঢ়াব লাগিব। অন্যথা অট্টালিকাটোৰ গাঁথনি মজবুত নহব। কিন্তু দুয়োটা কামৰ কোনোটোৱেই কৰিবলৈ ৰাজী নহয় আৰ্কিটেক্ট গুপ্তা। গুপ্তাৰ মতে অট্টালিকাটোৰ সন্মুখ দৃশ্যটোত প্রভাৱ পেলাব পৰা কোনোধৰণৰ সালসলনি কৰিবলৈ তেওঁ ইচ্ছুক নহয়। বহুত কষ্ট কৰি গুপ্তাই সন্মুখ দৃশ্যটো তৈয়াৰ কৰিছে। এতিয়া গাঁথনি মজবুত কৰাৰ অজুহাতত অট্টালিকাটোৰ সৌন্দৰ্যৰ সৈতে তেওঁ কোনো কাৰণতে আপোচ কৰিব নিবিচাৰে। বিতোপনে গাঁথনিৰ গণনাসমূহ আকৌ এবাৰ কৰি বিকল্প উপায় নিৰ্ধাৰণ কৰক। 
বাহিৰৰ আৰ্কিটেক্টৰ লগত এইটোৱেই সমস্যা। সিহতে নিজকে বৰ্হিবিশ্বৰ পৰা অহা কিবা অসাধাৰণ জীৱ বুলি ভাবি লয়। অসমৰ অভিযন্তাই একো নাজানে ধৰণৰ অভিব্যক্তি প্রকাশ কৰে। সি কথাবিলাক জৈনৰ লগতো পাতিছে। জৈনৰ তাৰ ওপৰত অগাধ বিশ্বাস আছে। তেওঁৰ পূৰ্বৰ সাতটা প্রকল্প তাৰ পৰ্য্যবেক্ষণতেই সম্পূৰ্ণ হৈছে।
-হেই বিতোপন! কি কৰি আছাহে?
কৌশিকৰ ফোন আজিও আহিল। আজি দুদিন মানৰ পৰা কৌশিকৰ ফোন তালৈ সঘনাই অহা হৈছে। সি সেইটো সিমান গুৰুত্বপূৰ্ণ বুলি ভবা নাই। তথাপিও কিবা এটা নিশ্চয় আছে।
- কোৱাচোন
- মোক এটা সহায় কৰি দিয়ানা।
- কি সহায়, মানে কেনেকুৱা সহায়, অলপ খুলি কোৱানা।
- মানে আমাৰ বিভাগৰ ফালৰ পৰা দুমহলীয়া বিল্ডিং এটা সাজিব লাগিব। কৰ্মছাৰীৰ বাবে আৱাসগৃহ। এই ধৰা প্রায় ৪০০০ বৰ্গফুট কালি হব প্ৰত্যেকটো ফ্লোৰত। আমাৰ বিভাগৰ পুৰণা নক্সা থাকেই, চিন্তা নাই। তুমি মাথো গাঁথনিৰ ডিজাইনটো তোমাৰ ফাৰ্মৰ দ্বাৰা পুনঃপৰীক্ষা কৰি সঠিক পাইছা বুলি প্রমাণ-পত্র এখন দিব লাগে। ফিজ লৈ চিন্তা নাই। তোমাক প্ৰফেছনেলী পে কৰিম বুজিছা। আচলতে এইবিলাক নোহোৱাকৈয়েও কাম কৰিব পাৰিকিন্তু আমাৰ দিল্লীৰ মূখ্য বিভাগৰ কথাটো জানাই। ফৰ্মেলি কামবোৰ নকৰিলেই নহয়। নীতি নিয়মৰ ক্ষেত্রত অলপো শিঠিলতা নাই।
- ঠিক আছে তুমি মোৰ ৰাজগড় ৰোডৰ ফাৰ্মলৈকে সৱিশেষ জনাই কোনোবা এজন পঠাই দিবা।  
- কোনোবা এজন মানে? তেজপুৰ বিশ্ববিদ্যালয়ৰ অভিযান্ত্রিক বিভাগৰ অধ্যাপক এজনেই যাব। তুমি তেখেতৰ নাম শুনিছাই চাগে’। অধ্যাপক বিদৰ্ভ কাকতি। আচলতে তেখেতেই ডিজাইনটোৰ সম্পূৰ্ণ গণনা আৰু পৰীক্ষা কৰিছে। তুমি নিজে কৰিব লগা একো নায়েই। কিন্তু তেখেতৰ চাইনিং অথ’ৰিটি নাইতো, গতিকে তোমাৰ ফাৰ্মৰ দ্বাৰা পুনঃপৰীক্ষাৰ প্রমাণ-পত্র খন জৰুৰী। তুমি এটা কাম কৰিবা, তেখেতৰ হাতত অফাৰ লেটাৰ, বিল, ৰচিদ আদি ফাৰ্মৰ পেডত দি পঠিয়াবা।
- ঠিক আছে।   
 কৌশিকৰ মানসিকতা  আজি কালি অলপ সলনি হৈছে নেকি? বিতোপনক হিচাপৰ মানুহ বুলি ভবা হৈছে চাগে। তাতে আজি ফোনত তইৰ পৰা তুমিলৈ পৰিৱৰ্তন। হব পাৰে, সময় সলনি হ’ল। অভিযান্ত্রিক সমাপ্ত হোৱাই আজি সোতৰ বছৰ হ’ল। ইমান সময়, ধেমালি নহয়। সোতৰ বছৰত বহুত কিবা কিবি সলনি হয়।
তাৰ মনত পৰিল,অভিযান্ত্রিকত থাকোতে কেনেকৈ এবাৰ সি কৌশিকক সুবিধাবাদী বুলিয়েই খঙেৰে চোঁচা মাৰি গৈছিল। শেষান্ত বৰ্ষত সিহঁতৰ প্ৰজেক্টৰ দল টোত সি,প্ৰশান্ত আৰু আব্দুল্লাৰ লগত গাইদ বিবেকা ছাৰে কৌশিককো সাঙুৰি দিছিল। সিহঁত তিনিটাৰ কৌশিকক লগত লবলৈ মুঠেই ইচ্ছা নাছিল। অতি কষ্টেৰে প্ৰজেক্টৰ কাম কৰা, তথ্য সংগ্রহ কৰা সিহঁত তিনিটাৰ তুলনাত কৌশিক আছিল পালমৰা স্বভাৱৰ। এদিন তাৰ প্ৰজেক্ট ডায়েৰীখন চুৰ কৰি কৌশিকে পিছ দিনা ছাৰৰ আগত প্ৰজেক্টৰ কামৰ খতিয়ান দিওতে তাৰ খঙে মূৰৰ চুলিৰ আগ পাইছিল। সেইদিনা প্রশান্ত আৰু আব্দুল্লা নথকা হলে কথা হিতে বিপৰীত হ’ল হেতেন।
জৈনে এইবাৰ পূজাত বিতোপনক ইন’ভা কাৰ এখন উপহাৰ দিয়াৰ কথা। কালি জৈনৰ পৰিবাৰেও তাক তেনে এটা ইংগিতেই দিছে। সি হে সুখী নহয়। তাক গাড়ী নালাগে। অল্টো এখন ইতিমধ্যে আছেই। সেইখনৰেই চলি যায়। মিছামিছি এইবিলাক বিলাসী গাড়ী তাৰ পচন্দ নহয়। এনেয়েও তাৰ পচন্দবোৰ অন্যতকৈ অলপ বেলেগ।  
তাক আচলতে সৎ উপায়েৰে ঘটা নগদ পইছা লাগে। তাৰ বহুত সপোন আছে। গঠনমূলক কামেৰে সম্পূৰ্ণ পেছাদাৰীত্বৰে উপাৰ্জিত ধনেৰে গাঁৱৰ একমাত্র ককায়েকৰ ঘৰটো সুন্দৰকৈ, মজবুতকৈ সজোৱা, গাঁৱত এটা লাইব্রেৰী সজোৱা, সি পঢ়ি অহা স্কুলখন ধুনীয়াকৈ সজাই দিয়া অজস্র লানি নিছিগা সপোন। সপোনৰ শেষ নাই।
  কৌশিকে পঠাই দিয়া অধ্যাপক কাকতি মানুহজন এদিন আহি তাক সৱিশেষ তথ্যবোৰ দি লগ ধৰিলে। বিতোপনে সসন্মানেৰে অধ্যাপক কাকতিক অভ্যৰ্থনা জনালে। বিশ্ববিদ্যালয়ৰ অভিযান্ত্রিক বিভাগৰ অধ্যাপক তেখেত। স্বাভাৱিকতেই দিব লগা সন্মান আৰু মৰ্য্যাদাখিনি দিয়াত সি অলপো কাৰ্পণ্য নকৰিলে। প্রাৰম্ভিক কথা-বতৰাৰ মাজে মাজে সি অনুভৱ কৰিলে অধ্যাপক কাকতি যেন ভিতৰি ভিতৰি কিছু অস্থিৰ। তেখেতৰ কথা-বতৰাৰ সুৰো অত্যন্ত সাধাৰণ মানদণ্ডৰ। বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক এজনৰ যি ধৰণৰ বৌদ্ধিক,বহল চিন্তাধাৰাৰ আভাষ তেখেতৰ ব্যক্তিত্বত জিলিকি থাকিব লাগে অধ্যাপক কাকতিৰ মুখমণ্ডলত যেন সেয়া দুখলগাকৈ অনুপস্থিত। ক’ৰবাত কিবা এক অস্বস্তিকৰ বৈসাদৃশ্য, আশ্বৰ্য্যকৰ বৈপৰীত্য। হব পাৰে! সকলো ব্যক্তি একে নহব পাৰে। কেৱল বাহ্যিক ভাবাৱেগক আশ্রয় কৰিয়েই অন্তিম সিদ্ধান্তত উপনীত হোৱাটো অনুচিত।
বিতোপনে অধ্যাপক কাকতিৰ দ্বাৰা প্রস্তুত ডিজাইনৰ ৰিপোৰ্টটো চকু ফুৰাই চালে। আৰম্ভণীৰ পৰা শেষলৈকে সম্পূৰ্ণ ৰিপোৰ্টটো গভীৰ মনোযোগেৰে চাই উঠাৰ পিছত তাৰ চকুত ভালেমান ভুল ধৰা পৰিল। কোনো কোনো ঠাইত দুই এটা গণনাৰ ভুল এনেকুৱা যে স্কুল পৰ্য্যায়ৰ ছাত্রৰ পৰাও তেনে ভুল আশা কৰা নাযায়। সি যথেষ্ট হতাশ হ’ল। ভিতৰি ভিতৰি বিৰক্তি অনুভৱ কৰিলে। বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক এজনৰ কামৰ মানদণ্ড এনে নিম্নপৰ্য্যায়ৰ হয় জানো?  
-      “ছাৰ আজি ৰিপোৰ্টটো মোৰ ইয়াতে থৈ যাওক। মই এবাৰ নিৰলে মনোযোগেৰে অধ্যয়ন কৰি লব লাগিব”। সি বিনম্রভাবে অধ্যাপক কাকতিক অনুৰোধ কৰিলে।
-      নাই নাই,মই আজিয়েই তেজপুৰলৈ উভতিব লাগিব। এইটো খুবেই আৰ্জেণ্ট। আপুনি দয়া কৰি সোনকালে প্রমাণ পত্র খন দি দিয়ক। মোৰ সময় বৰ কম প্লীজ।
-      নাই, এনেকৈ বিনা অধ্যয়নে মই একো দিব নোৱাৰো।
-      আৰে, আপুনি কিয় এনেকুৱা কৰিছে? মিঃ কৌশিকটো আপোনাৰ বন্ধু। আচলতে কি জানে, এইবিলাক এনেয়ে ফৰ্মেলিটি। কোনেও মেলি নাচায়। পিছত ফাইলৰ ভিতৰত পচি থাকিব। চিন্তাৰ একো কাৰণ নাই। আপুনি প্রমাণ পত্রখন দি দিলে দুটা পইচা আপুনিও পাই আৰু মোৰো লাভ হয়।
নাই, বিতোপনক বতাহত ওপঙি অহা পইচা নালাগে। সি যিটো শুদ্ধ বুলি ভাবে সেইটোহে কৰে। অধ্যাপক কাকতিৰ আগত সি স্পষ্ট ভাবেই নিজৰ অপাৰগতা প্রকাশ কৰিলে। অধ্যাপক কাকতিৰ কথাৰ সুৰত শেষৰ ফালে এটা অনুনয়ৰ সুৰ বাজি উঠিল। সি তাৰ স্থিতিত দৃঢ় হৈয়েই থাকিল। কৌশিকে বেয়া পালেও উপায় নাই।
প্রস্তাৱিত প্রকল্পটোৰ অট্টালিকাটোৰ সন্মুখ দৃশ্যটো আৰ্কিটেক্ট গুপ্তাই কিছু সলনি কৰি দিছে। তাৰ নেৰানেপেৰা প্ৰচেষ্টাত অৱশেষত গুপ্তা বাধ্য হ’ল। সি বাৰে বাৰে গুপ্তাক হেঁচা দিলে, সৌন্দৰ্য্যৰ স্বাৰ্থত মানুহৰ নিৰাপত্তাৰ সৈতে আপোচ কৰিব নোৱাৰি। তাতে হবলগীয়া প্রকল্পটোৰ মাটিখিনিৰ গুনাগুনো সিমান সুবিধাৰ নহয়। গতিকে অট্টালিকাৰ গাথঁনিয়ে প্রাৰম্ভিক গুৰুত্ব পাব লাগে। অৱশেষত আৰ্কিটেক্ট গুপ্তা ৰাজী হ’ল। এইবাৰ সি পাইলৰ কামখিনিও এটা বেলেগ ঠিকাদাৰ দলৰ দ্বাৰা গুৰুত্ব সহকাৰে কৰিব। আগৰ প্ৰকল্পটোৰ দলটো সিমান হিচাপৰ নাছিল। এইবাৰ সি এৰি দিয়াত নাই।   
  জৈনে পূজা এভাগ পাতিছে। নিজৰ ঘৰতে। সপৰিয়ালে তাক মাতিছে। বিতোপন নোযোৱাৰ কথাই নাই। কলিকতাৰ পৰা আৰ্কিটেক্ট গুপ্তাও অহাৰ কথা। গাড়ীখন ভঙাগড়ৰৰ উৰণীয়া সেতুৰ তলতে ৰখাই সি ফুটপাথেৰে পায়চাৰি কৰি আছে। পৰিবাৰ মেঘালী বিগবাজাৰত সোমাইছে। কিবা এটা কিনিব। জৈনৰ পৰিয়ালৰ বাবেও কিবা এটা সৰু উপহাৰ লৈ লব।  
- অ’ এইটো অকন নহয়নে? পান দোকানীটোৰ কাষত জৰ্দা পাগুলি পাগুলি মুখ ৰঙা কৰি আপোন মনে ৰৈ থকা সাধাৰণ চেহেৰাৰ প্রায় ডেৰকুৰি বছৰীয়া ডেকাজনক তাৰ চিনাকী চিনাকী যেন লাগিল। বিতোপনৰ একে গাঁৱৰে হয়। অকন! হয় সি ঠিক ধৰিছে।
- ঐ অকন।
- বিতু দাদা। কি খবৰ?  ভাল আপোনাৰ। বহুত দিনৰ পিছত।
- ভাল ভাল। কছোন তোৰ খবৰ-বাতৰি। ক’ত থাক আজিকালি?
- তেজপুৰত, মানে মিছামাৰীৰ ওচৰৰ এম ই এছত ঠিকাৰ কাম কৰা ঠিকাদাৰ এজনৰ তলতে কিবাকিবি কৰি থাকো। আজি বছে মানে ঠিকাদাৰে ক’লে ব’ল গুৱাহাটীৰ পৰা এপাক ফুৰি আহিম। বাচ! আহি গ’লো।
- অ’ তই তেতিয়াহ’লে তোৰ বছৰ লগতহে আহিছ।
- হয় হয়। ৰ’ব দাদা সৌ ক’লা ৰঙৰ গাড়ী খনৰ কাষত মানুহজন দেখিছে, হাতত যে, ছিগাৰেট এটা লৈ আছে, তেওঁৱেই মোৰ ঠিকাদাৰ বছ।
হাত খন ডাঙি অকনে দূৰৈৰ মানুহজনলৈ চাই আঙুলিৰে ইংগিত দিলে। বিতোপনে অকনৰ হাতৰ আঙুলিৰ দিশেৰে চাই পঠিয়ালে। পৰম বিস্ময়ত তাৰ দুচকু বহলকৈ মেল খাই আহিলঅকনে ঠিকাদাৰ বুলি কোৱা মানুহজন দেখোন দুদিনমান আগতে তাক লগ ধৰিবলৈ অহা বন্ধু কৌশিকৰ সন্মানীয় অধ্যাপক কাকতি। ই কেনেকৈ হব?  অধ্যাপক কাকতি মানে অধ্যাপক নহয় ঠিকাদাৰহে নেকি? দূৰৈৰ পৰা কাকতিয়ে বিতোপনক দেখি মুখ ঘুৰাই যেন লুকাবলৈহে যত্ন কৰিলে।
বিতোপনহঁত থিয় হৈ থকা ঠাইখিনিৰ ওচৰতে খাবলৈ নোপোৱা, ছাল-ছিগা ফপৰা কুকুৰ দুটামানে কিবা টোপোলা এটা টনা-আজোৰা কৰি আছে। মেঘালী এতিয়াও উভতি অহা নাই। অকনে দোকান খনৰ পৰা তামোল এখন আনি তাৰ হাতত গুজি দিলে।
-      বাৰু অকন! কছোন এই কুকুৰবোৰৰ নেজবোৰ কেতিয়াবা চিধা হয়নে?
এস, দাদাইও যে কথা কয় আৰু! কুকুৰৰ নেজ কেনেকৈ চিধা হব? কেতিয়াবা দেখিছে জানো? কেতিয়াও নহয়।